অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিন। অসম প্রকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা অসম গ্রন্থমেলা অনুষ্ঠিত হৈছে। গ্রন্থমেলাত আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্রেক্ষাগৃহত ড০ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা শীর্ষক আলোচনা সত্র অনুষ্ঠিত হয়। সত্ৰখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্যিক তথা অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয়, যে সমকালীনতাৰ খিড়িকীৰে ড০ ভূপেন হাজৰিকাৰ গীতৰ চিৰায়ত বিষয়টো বিচাৰ কৰি চাব পাৰি। ড০ ভূপেন হাজৰিকাৰ সৃষ্টিয়ে সময় ধৰি ৰাখিছে বুলি অনুষ্ঠানত অংশগ্ৰহণ কৰি সুধাকণ্ঠৰ সহযোগী বাদ্যশিল্পী কমল কটকীয়ে মন্তব্য কৰে। ড০ ভূপেন হাজৰিকা এগৰাকী দার্শনিক আছিল বুলি সংগীত শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই অভিহিত কৰে।
Site Admin | December 25, 2025 9:16 PM | Assam Book Fair 2025
খানাপাৰাৰ অসম গ্ৰন্থমেলাত দ্বিতীয় দিনা কেইবাখনো আলোচনা সত্র অনুষ্ঠিত হয়