মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসা-পত্র আৰু মাননী প্ৰদান কৰে। এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ঝুমইৰ বিনন্দিনীত অংশ লৈছিল। আজিৰ অনুষ্ঠানত ২৪ খন জিলাৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক ৫০ হাজাৰ টকাকৈ আৰু প্ৰশিক্ষক তথা শিল্পীসকলক ২৫ হাজাৰ টকাকৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে ধনৰাশি প্ৰদান কৰা হয়। বৰাক উপত্যকাৰ ৩ খন জিলাৰ শিল্পীসকলক পৰৱৰ্তী পৰ্যায়ত সন্মানিত কৰা হ’ব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা অঞ্চলত অহা জানুৱাৰীত এশখন নতুন হাইস্কুল স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়ত ৩০ খন আসন চাহ বাগিচা তথা আদিবাসীলোকৰ বাবে সংৰক্ষণ কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাতো চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে ৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ ৩০ খন জিলাৰ চাহ বাগিচাৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০ খন সঞ্জীৱনী বাহন মুকলি কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকী সাংসদ আৰু বিধায়ক উপস্থিত থাকে।
Site Admin | October 16, 2025 8:29 PM | Assam CM Jhumuir
খানাপাৰাত ঝুমইৰ বিনন্দিনীৰ শিল্পী, প্ৰশিক্ষক, বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা-পত্র আৰু মাননি প্ৰদান
