খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কৰা হ’ব। নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি লক্ষ্যৰ অংশ হিচাপে এই নিযুক্তি সমাৰোহে বিশেষ তাৎপর্য বহন কৰিছে। কিয়নো যোৱা ২৬ আগষ্ট পর্যন্ত ৰাজ্য চৰকাৰে এক লাখ ৩৮৯ গৰাকী লোকক বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিছে। কাইলৈ ২৩ হাজাৰ ৯৫৬ গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগে লগে সৰ্বমুঠ নিযুক্তিৰ সংখ্যা হ’ব এক লাখ ২৪,৩৪৫ গৰাকী। যোৱা ৫ আগষ্টত সমগ্র শিক্ষা বিভাগে ৰাজ্যৰ ৩৫ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল । এই ৩৫ হাজাৰ শিক্ষকৰ ভিতৰত ২৩,৯৫৬ গৰাকীয়ে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন দাখিল কৰে। বাকী থকা প্ৰায় ১০ হাজাৰ শিক্ষকে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। গোচৰটোৰ শুনানী গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতৰ দ্বাৰস্থ হোৱা শিক্ষকসকলৰ পৰিৱৰ্তে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন কৰা শিক্ষকসকলৰ নিযুক্তি প্রক্রিয়া আগবঢ়াই নিবলৈ নির্দেশ দিয়ে। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে ৰাজ্য চৰকাৰে ২৩,৯৫৬ গৰাকী শিক্ষকৰ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰে।
Site Admin | September 1, 2024 12:32 PM | Permanent Teacher appointment Assam Govt
খানাপাৰাত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কাৰ্যসূচী