খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰঃ চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰ আৰু ভিন ভিন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ মাত্রাত কীটনাশক প্ৰয়োগ কৰা হয় বুলি স্পষ্ট কৰি দিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণে বনৌষধি আৰু মছলাৰ ক্ষেত্ৰত ১০ গুণ অধিক কীটনাশক প্ৰয়োগৰ অনুমতি প্রদান কৰে বুলি দাবী কৰি একাংশ সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এইদৰে স্পষ্টীকৰণ দিছে। কীটনাশক আইন, ১৯৬৮ ৰ অধীনত গঠন কৰা কেন্দ্ৰীয় কীটনাশক ব’ৰ্ড আৰু পঞ্জীয়ন সমিতিৰ জৰিয়তে কৃষি মন্ত্রালয়ে কীটনাশক নিয়ন্ত্রণ কৰে। কৃষি মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণৰ কীটনাশক সম্পৰ্কীয় বৈজ্ঞানিক কমিটিয়ে কেন্দ্রীয় কীটনাশক পৰিষদ আৰু পঞ্জীয়ন কমিটিৰ জৰিয়তে লাভ কৰা তথ্য চালি জাৰি চায়। কমিটিখনে ভাৰতীয় লোকৰ খাদ্যভ্যাস আৰু বিভিন্ন বয়সৰ লোকৰ কথা বিবেচনা কৰি বিপদ আশংকাৰ মূল্যায়ন কৰাৰ পাছতহে খাদ্য সামগ্ৰীত কীটনাশক প্রয়োগৰ পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে ভাৰতত কেন্দ্ৰীয় ব’ৰ্ড আৰু পঞ্জীয়ন সমিতিৰ দ্বাৰা পঞ্জীয়ন কৰা মুঠ কীটনাশকৰ সংখ্যা ২৯৫ তকৈ অধিক আৰু ইয়াৰে ভিতৰত ১৩৯ বিধ কীটনাশক মছলাত ব্যৱহাৰ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।