ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানৰ বৈঠক

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৯ৰ পৰা ২২ ছেপ্তেম্বৰলৈ হ’বলগীয়া বিশ্ব খাদ্য ভাৰত ২০২৪ শীৰ্ষক অনুষ্ঠানৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰ্যালয়ৰ সৈতে অংশীদাৰিত্বৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ছিৰাগ পাছোৱানে আলোচনাত অংশগ্রহণ কৰি অংশীদাৰসকলৰ ক্ষেত্ৰত খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰ্যালয়ৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে খণ্ডটোত থকা অপাৰ সম্ভাৱনা তথা সুযোগৰ বিষয়েও প্রকাশ কৰে। তেওঁ বিশ্ব খাদ্য ভাৰত ২০২৪ত অংশগ্ৰহণ কৰিবলৈ সকলো কোম্পানীকে আমন্ত্রণ জনায়। তেওঁ লগতে বিশ্ব খাদ্য ভাৰতৰ সমান্তৰালকৈ অহা ২০ আৰু ২১ ছেপ্তেম্বৰত এফ এছ এছ এ আই অর্থাৎ ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে আয়োজন কৰিবলগীয়া বিশ্ব খাদ্য নিয়ামক শীর্ষ সন্মিলনৰ বিষয়েও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।