কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত এটা পশ্চাদগামী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয়, যে কর্ণাটক চৰকাৰে দশকজোৰা প্ৰগতিক অৱমূল্যায়ন কৰি এটা মিছা বক্তব্যক প্ৰমাণিত কৰাৰ চেষ্টা কৰিছে। তেওঁ কয়, যে ই ভি এম অহাৰ পাছত বুথ জালিয়াতি অথবা বুথ লুণ্ঠনৰ দৰে বিষয়সমূহ পুৰণা হৈ পৰিল। আনকি জ্ঞান, দৃষ্টিকোণ আৰু ব্যৱহাৰ সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ শেহতীয়া সমীক্ষাত জনসাধাৰণে ই ভি এমত অধিক বিশ্বাস কৰে বুলি স্পষ্ট হৈ পৰিছিল। দেশত ই ভি এম ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কৰ্ণাটক এখন অগ্ৰণী ৰাজ্য আছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে কয়, যে সময়ৰ লগে লগে ভি ভি পেটৰ সৈতে ই ভি এম ব্যৱস্থা দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মেৰুদণ্ডস্বৰূপ হৈ পৰে। তেওঁ কংগ্ৰেছশাসিত ৰাজ্য চৰকাৰে দিল্লীত তেওঁলোকৰ নেতৃত্বৰ প্ৰমাণ তথা নির্বাচন সন্দৰ্ভত অযুক্তিকৰ দাবীক সমৰ্থন কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি দাবী কৰে।
Site Admin | January 20, 2026 11:30 AM | Prahlad Joshi
কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচন সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ প্ৰতিক্ৰিয়া