কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু ২১ জন লোক আহত হৈছিল। বাছখনৰ পৰা পাঁচটা আৰু ট্ৰাকখনৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। কৰ্তৃপক্ষই কৈছে যে মৃতদেহৰ ডি এন এ পৰীক্ষাৰ ফলাফলৰ পাছত নিহতসকলৰ পৰিয়ালক মৃতদেহ হস্তান্তৰ কৰা হয়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমায়াই এই দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ৫ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
Site Admin | December 26, 2025 6:40 PM | Accident | Akashvani | Akashvani News | Karnataka
কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি