ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাত এখন ট্রাক পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাত কমেও ১০জন লোকৰ মৃত্যু

কৰ্ণাটকৰ উত্তৰ কন্নড় জিলাৰ য়েল্লাপুৰৰ আৰাবেইল ঘাটৰ সমীপত আজি এখন ট্রাক পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০জন লোকে প্রাণ হেৰুৱায় আৰু অন্য ১৬ জন আহত হয়। হাভেৰী জিলাৰ চাভানুৰৰ পৰা কুমটাৰ সাপ্তাহিক পাচলি বজাৰলৈ সামগ্ৰী পৰিবহন কৰি থকা অৱস্থাত এই দুর্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ৯ জন লোকৰ থিতাতে মৃত্যু হয় আৰু এজনে চিকিৎসালয়ত মৃত্যু বৰণ কৰে। মৃত লোক কেইজন চাভানুৰৰ বাসিন্দা আছিল। আহতসকলক হুবলিৰ কৰ্ণাটক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

ইপিনে, মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাত আজি পুৱা হোৱা আন এটা দুৰ্ঘটনাত তিনিজন লোক নিহত আৰু ৬ জন আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰে মতে লোক কেইজনে এখন বিবাহত অংশ গ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পথত এই দুর্ঘটনা সংঘটিত হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।