ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছেঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডা

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশে প্রভূত অগ্ৰগতি লাভ কৰিছে। কৰ্কট ৰোগ শীঘ্ৰে ধৰা পেলোৱা আৰু দেশৰ বিভিন্ন অংশত কৰ্কট ৰোগৰ চিকিৎসা কেন্দ্ৰ স্থাপন কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবেই এই পৰিৱৰ্তন দেখা গৈছে। আজি মহাৰাষ্ট্ৰৰ ছত্ৰপতি চন্তাজি নগৰৰ চৰকাৰী কৰ্কট চিকিৎ‍সালয়ত শেহতীয়া সুবিধাযুক্ত ট্রু বীম ইউনিট মুকলি তথা কৰ্কট প্ৰতিষ্ঠানখনৰ সম্প্ৰসাৰিত খণ্ডৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই এইকথা প্ৰকাশ কৰে।
দ্যা লানচেট নামৰ এখন চিকিৎসা আলোচনীয়ে দাঙি ধৰা তথ্যৰ উদ্ধৃতিৰে মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰী প্ৰচেষ্টাৰ জৰিয়তে দেশৰ ৯০ শতাংশ কৰ্কট ৰোগীয়ে ৰোগ চিনাক্তকৰণৰ এমাহৰ ভিতৰত চিকিৎসা আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছে। এই তথ্য আন্তর্জাতিকভাৱে স্বীকৃত। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে নতুনকৈ সংযোজিত ট্রু বীম ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে অধিক ফলপ্রসূ চিকিৎসা লাভ কৰিবলৈ সক্ষম হব বুলি তেওঁ আশা প্রকাশ কৰে। কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয় ৫ লাখ টকালৈকে বিনামূলীয়াকৈ প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আগবঢ়োৱা হ’ব বুলি তেওঁ সদৰি কৰে। দেশজুৰি ৭৮০ খন চিকিৎসা মহাবিদ্যালয়ত কাম-কাজ অব্যাহত আছে বুলি সদৰি কৰি তেওঁ কয়, যে চিকিৎসা বিজ্ঞানৰ শিক্ষা তথা স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পুঁজিৰ অভাৱ নোহোৱাটো সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীনাড্ডাই দেশজুৰি ১ লাখ ৭৫ হাজাৰখন আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হোৱা বুলিও প্ৰকাশ কৰে। এই কেন্দ্ৰসমূহৰ জৰিয়তে মুখমণ্ডল আৰু স্তনৰ কৰ্কট ৰোগকে ধৰি কৰ্কটৰোগৰ আগতীয়া পৰীক্ষণৰ জৰিয়তে সময়মতে এই ৰোগ ধৰা পেলোৱা তথা চিকিৎসা আৰম্ভ কৰাত সহায় হোৱা বুলিও তেওঁ উল্লেখ কৰে। পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত স্বাস্থ্য সেৱাৰ বাবে ৭ হাজাৰ কোটি টকা মঞ্জুৰ কৰা হোৱা বুলিও তেওঁ উল্লেখ কৰে। আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে জ্যেষ্ঠ নাগৰিককে ধৰি ৬০ কোটি নাগৰিকে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি আছে বুলিও তেওঁ উল্লেখ কৰে।