November 21, 2024 7:44 PM | Cabinet Decesion

printer

কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণৰ বাবে জাননী জাৰি

অসম চৰকাৰে কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণ কৰি জাননী জাৰি কৰিছে। অসম মন্ত্রীসভাই এই নতুন নামকৰণ সন্দৰ্ভত অলপতে সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদনমৰ্মে আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে পৰহি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কৰিমগঞ্জৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক ন্যায়সংগত ৰূপত প্ৰকাশ কৰাৰ বাবে জিলাখনক শ্রীভূমি হিচাপে নামকৰণ কৰিবলৈ অনুমোদন জনোৱা হৈছিল।