ডাউনলোড
মোবাইল এপ

android apple
signal

ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্রমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে।
ক্ৰ’ৱেছিয়া ভ্ৰমণ কালত শ্রীমোদীয়ে দেশখনৰ প্ৰধানমন্ত্রী আন্দ্ৰে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পর্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফাৰ্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কেতবোৰ নতুন ক্ষেত্ৰক চিনাক্ত কৰা হয়। প্রধানমন্ত্রী মোদীয়ে জাহাজ নির্মাণ, চাইবাৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাত বিষয় উত্থাপন কৰে। এই বৈঠকত প্রধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুদ্ধক্ষেত্ৰত কোনো সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰে। তেওঁ কয়, যে আলোচনা আৰু কূটনৈতিক বুজাপৰাই সমাধানৰ একমাত্ৰ পথ। সন্ত্রাসবাদক মানৱতাৰ শত্ৰু বুলি অভিহিত কৰি শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেশখনৰ নেতৃত্বই ভাৰতৰ প্ৰতি আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোদীৰ এয়া আছিল প্ৰথম চৰকাৰী ক্ৰ’ৱেছিয়া ভ্রমণ।

অধিক পঢ়ক

সকলো চাওক