ডিব্ৰুগড় জিলাৰ সাংসদ খেল মহোৎসৱৰ আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্রীয় জাহাজ, বন্দৰ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়াৰ জৰিয়তে কৰ্ম-সংস্থাপন আৰু উপাৰ্জনৰ পথ আন্তর্জাতিক পৰ্য্যায়ত মুকলি হয় বুলি উল্লেখ কৰে। অনুষ্ঠানত নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰাই নিৰন্তৰভাৱে খেলৰ জৰিয়তে সমাজখনক শক্তিশালী কৰি ৰাষ্ট্ৰ নিৰ্মাণত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ক্রীড়াৰ জৰিয়তে সমাজত শান্তি-শৃংখলাৰ লগতে ভাতৃত্ববোধ গঢ় দিয়া আৰু নাগৰিকসকলক একত্ৰিত হৈ দায়ৱদ্ধ হোৱাৰ ক্ষেত্ৰত সংকল্প গ্রহণ কৰা হৈছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰীৰ কাৰ্য্যকালত ক্ৰীড়াৰ জগতখনত ৰাজ্যখনে নতুন পৰিকল্পনাৰ অন্তর্ভুক্ত হ’বলৈ সমৰ্থ হৈছে। ক্রীড়াৰ জৰিয়তে এজন ব্যক্তিয়ে কায়িক, মানসিক আৰু আত্মাৰ সংযোগেৰে ব্যক্তিত্বৰ বিকাশ কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে। ভাষণত মন্ত্ৰী সোণোৱালে লগতে কয়, যে খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া আদি কাৰ্য্যসূচীসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যকালতে প্ৰৱৰ্তন কৰা হৈছিল। দেশৰ সকলো ৰাজ্যতে এই এই মহোৎসৱ অনুষ্ঠিত হৈ আহিছে আৰু ইয়াৰ জৰিয়তে দেশৰ বহু যুৱক-যুৱতী অলিম্পিক পৰ্য্যায়ৰ খেললৈ অগ্ৰসৰ হ’বলৈ সমৰ্থ হৈছে। খেলুৱৈসকলৰ বাবে দেশ-বিদেশত উন্নত মানৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন জিলাসমূহৰ লগতে ডিব্ৰুগড় জিলাতো মানুহৰ আগ্ৰহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ক্রীড়া ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিলে এখন আত্ম-নিৰ্ভৰ ভাৰত গঢ়ি তোলাত সুবিধা হয় বুলিও তেওঁ মন্তব্য প্রকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ক্ৰীড়াৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আবণ্টন কৰিছে আৰু বিভিন্ন নীতিৰ জৰিয়তে খেলুৱৈসকলক উদগনি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। যোৱা ৩১ অক্টোবৰত ডিব্ৰুগড় লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা সাংসদ খেল মহোৎসৱৰ আজিৰ সামৰণি অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে সকলোকে সম্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰী সোণোৱালৰ লগতে ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ সভাপতি তথা সাংসদ, খেল মহোৎসৱৰ সমন্বয়ক নিৰঞ্জন শইকীয়া, মন্ত্ৰী প্ৰশান্ত ফুকনৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | December 25, 2025 7:14 PM | Sarbanada sonowal at DDSA 100 years
ক্ৰীড়াৰ জৰিয়তে কৰ্ম-সংস্থাপন আৰু উপাৰ্জনৰ পথ আন্তর্জাতিক পৰ্য্যায়ত মুকলি হয় বুলি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উল্লেখ