ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ চমুকৈ এম এছ এম ই ২০২৪ চনৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদন আহ্বান কৰিছে। এটা বিবৃতিযোগে মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে এম এছ এম ই সকলে বিভিন্ন শাখাত এই মাহৰ ২০ তাৰিখলৈকে তেওঁলোকৰ আবেদনসমূহ পঠিয়াব পাৰিব। বর্তমান এম এছ এম ই সকলক বিভিন্ন শিতানত মুঠ ৩৫টা ৰাষ্ট্ৰীয় বঁটা দিয়া হয়। চৰকাৰে এম এছ এম ই উদ্যোগীসকলৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়ে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰে। বিবৃতিটোত লগতে কোৱা হয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা উদ্যোগী, অনুসূচীত জাতি আৰু জনজাতিৰ উদ্যোগীসকলৰ নেতৃত্বৰ এম এছ এম ই সমূহক বঁটা দিয়াৰ বিশেষ ব্যৱস্থা আছে। গৃহ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় বঁটা প’ৰ্টেল আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প’ৰ্টেলৰ জৰিয়তে আগ্ৰহীসকলে আবেদন কৰিব পাৰিব।
Site Admin | May 15, 2025 9:19 PM | MSME Ministry Invites Applications for National Awards 2024
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে MSME-2024ৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে আবেদন আহ্বান