ক্ৰীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক চুপাৰ হিট বুলি অভিহিত কৰি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে আই চি চি মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে। একেদৰে কেইদিনমানৰ পূৰ্বে টকিঅ’ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিক প্ৰতিযোগিতাত ভাৰতে কুৰিটা পদক দখল কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এয়া হল বৰ্তমানলৈ দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। তদুপৰি কাবাডী বিশ্বকাপতো ভাৰতৰ মহিলা খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰাৰ লগতে বিশ্ব বক্সিং কাপ প্রতিযোগিতাত ভাৰতৰ খেলুৱৈয়ে উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰি কুৰিটা পদক অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। একেদৰে দৃষ্টিহীন ক্রিকেট বিশ্বকাপ প্রতিযোগিতাত ভাৰতৰ মহিলাৰ দলটোৱে এখনো খেলত পৰাজয় বৰণ নকৰাকৈ খিতাপ দখল কৰাৰ বিষয়টোও তেওঁ গৰ্ব সহকাৰে উল্লেখ কৰে। এই বিজয়ক ভাৰতৰ ক্ৰীড়াৰ ইতিহাসত অন্যতম গুৰুত্বপূৰ্ণ সাফল্য বুলি আখ্যা দি প্রধানমন্ত্রীয়ে কয় যে এই সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক উদ্বুদ্ধ কৰি ৰাখিব।
দেশত সম্প্ৰতি এণ্ডিউৰেন্স স্পোর্টছ শীৰ্ষক ক্রীড়া সংস্কৃতি নতুনকৈ উদ্ভাসিত হৈ অহাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয় যে কিছুদিন আগলৈকে মাৰাথন আৰু বাইকথনৰ লেখিয়া খেলসমূহ তেনেই সীমিত লোকৰ মাজতে সীমাবদ্ধ আছিল যদিও সম্প্ৰতি সময় সলনি হৈ সমগ্ৰ দেশতে প্ৰতিমাহে ডেৰ হেজাৰতকৈও অধিক সংখ্যক এণ্ডিউৰেন্স স্পোর্টছৰ অনুষ্ঠান আয়োজিত হৈ আহিছে। একেদৰে পাহাৰ-পৰ্বতকে ধৰি দুঃসাহসিক ক্ৰীড়াৰ সীমাহীন সম্ভাৱনাৰে সমৃদ্ধ ভাৰতবৰ্ষত শীতকালীন ক্রীড়াৰ সমাহাৰৰ প্ৰসংগ উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ পিথোৰাগড়ত সাগৰপৃষ্ঠৰ পৰা ১৪৫০০ ফুট উচ্চতাত আয়োজিত মাৰাথন প্রতিযোগিতাত ১৮ খন ৰাজ্যৰ ৭৫০ গৰাকীখেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিষয়ে কয়।
Site Admin | November 30, 2025 6:43 PM | Mann Ki Baat
ক্রীড়াৰ ক্ষেত্ৰখনত ২০২৫ বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ