কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। উদ্বোধনী অনুষ্ঠানত মূল বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্রগুপ্ত কাশ্যপৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখক ড° শান্ত বর্মনে অংশগ্ৰহণ কৰে।
অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস, আৰ্থসামাজিক আৰু ৰাজনৈতিক অৱস্থা শীৰ্ষক এই আলোচনাচক্ৰত শ্বিলঙৰ উত্তৰ পূৰ্বাঞ্চল পার্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিময় প্রধানে ভাষণ আগবঢ়ায়। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, ড° সমুদ্র গুপ্ত কাশ্যপে ভাষণত ইংৰাজ শাসনৰ বিৰুদ্ধে যুজ দিয়া অসমৰ জনগোষ্ঠীয় বীৰ পুৰুষসকলৰ বিষয়ে আলোকপাত কৰে।
Site Admin | December 6, 2025 8:25 PM | Akashvani | Akashvani News | konch rajbongshi | Local news
কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাওঁ বিশ্ববিদ্যালয় প্রেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত