ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক জামিনত মুকলি

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা এন ডি এফ বিৰ ২২ গৰাকী প্ৰাক্তন সদস্যক কালি জামিনত মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়া সদস্যকেইজন ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰি থকা বিভিন্ন গোচৰত জড়িত থকাৰ অভিযোগত ১০ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল। এই গোচৰসমূহ পাছত ৰাজ্য চৰকাৰক অর্পণ কৰা হয় আৰু জিলা আদালতে তেওঁলোকক জামিন প্ৰদান কৰে। ২০২০ চনত স্বাক্ষৰিত বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত এই সদস্যকেইজনক মুকলি কৰি দিয়া বিষয়টো গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে এন আই এয়ে তদন্ত কৰা গোচৰত এন ডি এফ বিৰ ৩৯ গৰাকী প্ৰাক্তন সদস্য কাৰাগাৰত আছিল। ইয়াৰে কালি মুকলি হোৱা ২২ জনকে ধৰি বৰ্তমানলৈ মুঠ ৩৫ জন জামিনত মুকলি হৈছে। বাকী থকা ৪ জন সদস্যও শীঘ্ৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে।