ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত  ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল

কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ’ব। দিনৰ ৪ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখনত গ্রুপ ইৰ চেম্পিয়ন তথা আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে গ্রুপ বিৰ চেম্পিয়ন তথা প্ৰতিযোগিতাৰ আয়োজক ভাৰতীয় সেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ পুৰণি তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্রতিযোগিতা ডুৰাণ্ড কাপৰ গ্ৰুপ লীগৰ খেলসমূহৰ অন্তত ৮ টা দলে কোৱাৰ্টাৰ ফাইনেল খেলিব। ভাৰতীয় সেনাই আয়োজন কৰা প্ৰতিযোগিতাখনত এইবাৰ ২৪ টা দলে অংশগ্রহণ কৰিছিল। কোকৰাঝাৰত হ’বলগীয়া খেলখনৰ উপৰি ২১ আগষ্টত শ্বিলঙত আন এখন কোৱাৰ্টাৰ ফাইনেলত গ্ৰুপ এফৰ চেম্পিয়ন শ্বিলং লাজং এফ চিয়ে ইষ্ট বেংগল এফ চিৰ মুখামুখি হ’ব। প্রতিযোগিতাৰ ফাইনেল খেলখন অহা ৩১ আগষ্টত অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।