January 12, 2025 8:04 PM | Kokrajhar

printer

কোকৰাঝাৰৰ পশ্চিম জনজাতি সমষ্টিৰ ৩ টা পথৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন

কোকৰাঝাৰৰ ২৯ নম্বৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আজি সমষ্টিটোৰ অন্তৰ্গত শক্তি আশ্ৰম, চিথিলা আৰু ভাওৰাগুৰিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। ফকিৰাগ্ৰাম-চেৰফাংগুৰি লোক নিৰ্মাণ বিভাগৰ পথৰ শক্তি আশ্ৰম বজাৰ তিনিআলিৰ পৰা চিথিলালৈ, চিথিলাৰ পৰা যোগদৈ লৈ আৰু ভাওৰাগুৰি মান্দাৰপাৰাৰ পৰা মধ্য কাচকাটা পর্যন্ত পথ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।