বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে। ৩০ লাখ টকা ব্যয় সাপেক্ষে এই প্রতিমূৰ্তিটো নিৰ্মাণ কৰা হ’ব। অনুষ্ঠানত অধ্যাপক দেৱেন্দ্ৰ জালিহালকে ধৰি কেন্দ্ৰীয় প্রতিষ্ঠানটোৰ অতিৰিক্ত ভাৰপ্ৰাপ্ত সঞ্চালক, শীৰ্ষ বিষয়া আৰু অন্যান্য অধ্যাপকসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শ্রী বড়োৱে ভৱিষ্যৎ প্ৰজন্মৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ শিক্ষা আৰু আদৰ্শক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয়, যে এই প্ৰতিমূৰ্তিটোৰ নির্মাণ সম্পূর্ণ হ’লে ই ছাত্র-ছাত্ৰী আৰু দৰ্শনাৰ্থীৰ বাবে অনুপ্রৰেণাৰ চিহ্ন হিচাপে বিবেচিত হ’ব।
Site Admin | July 25, 2025 8:23 PM | Pramod Boro
কোকৰাঝাৰৰ কেন্দ্ৰীয় প্রযুক্তি প্ৰতিষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন
