কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী সিঙে কয়, যে এই ঘটনা সন্দৰ্ভত ১৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২০ জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত তিনিজনক আটক কৰা হৈছে। উল্লেখযোগ্য যে জিলাখনত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে ৷ তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। স্বাস্থ্য মন্ত্রী অশোক সিংহলে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
ইপিনে, কালি কোকৰাঝাৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিটিচি বিধায়িনী সভাৰ প্ৰেক্ষাগৃহত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চৰণ বড়ো, বিধায়ক লঞ্চে ইছলাৰী তথা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পাছত শ্ৰী মহিলাৰীয়ে জিলাখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণক ভুৱা তথ্য আৰু উৰা বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক প্ৰশাসন আৰু সুৰক্ষা বাহিনীক পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈও আহ্বান জনায়।

আস্থা গঢ়াৰ আৰু সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে কালি কাৰিগাঁও আৰক্ষী চকীৰ অধীনৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশৰ স্পৰ্শকাতৰ এলেকাসমূহত সেনা, ৰেপিড এক্সন ফ’ৰ্চ, চি আৰ পি এফ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে যৌথভাৱে ফ্লেগমাৰ্চ কৰে। জিলা আয়ুক্তই অঞ্চলটোৰ সামগ্রিক পৰিস্থিতি ক্ৰমাৎ উন্নত হ’ব ধৰিছে। তেওঁ কয়, যে জিলাখনত সৃষ্টি হোৱা শেহতীয়া অশান্ত পৰিস্থিতিৰ বলি হোৱা লোকসকলৰ বাবে জিলাখনত স্থাপন হোৱা দুটা সাহায্য শিবিৰত ১,২০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে। কৰ্তৃপক্ষই সকলোকে ধৈৰ্য্য ধৰি থাকিবলৈ, প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আৰু উৰা বাতৰি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বি টি এ ডিৰ আৰক্ষীৰ মহা পৰিদৰ্শক বিবেক ৰাজ সিঙেও জনসাধাৰণক উৰা বাতৰিত পতিয়ন নাযাবলৈ আহ্বান জনাইছে।