কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত যোৱা নিশা সংঘটিত গণপ্ৰহাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৯জন লোকক আটক কৰিছে। ঘটনাটো সন্দৰ্ভত সোধা-পোছা কৰাৰ বাবে এই লোককেইজনক আটক কৰা হৈছে বুলি জানিবলৈ দি জিলাখনৰ আৰক্ষী অধীক্ষক অক্ষদ গাৰ্গে কয় যে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ৰখাৰ উদ্দেশ্যে কোকৰাঝাৰ আৰু চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা সাময়িকভাৱে কৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জিলাখনৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে জিলা প্ৰশাসনৰ লগতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে শান্তি-শৃংখলা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সেনাবাহিনীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৰেপিড এক্সন ফোৰ্চ নিয়োগ কৰা হৈছে ।
উল্লেখযোগ্য যে যোৱা নিশা অঞ্চলটোত গৰু চোৰৰ সন্দেহত ৫ জন লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হয়। এই আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত সুনীল মুমু নামৰ লোকজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আওদাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্রমিককেইজন কোকৰাঝাৰলৈ এখন চাৰিচকীয়া বাহনেৰে উভতি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। গৌৰীনগৰৰ মাচিং ৰোড অঞ্চলত শ্রমিককেইজন গৈ থকা বাহনখন এটা স্থানীয় লোকৰ দলে আগচি ধৰি গৰু চোৰৰ সন্দেহত আক্ৰমণ কৰে। পাছত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আক্ৰমণত চিকনা জৱহলাউ বিছমিত নামৰ শ্ৰমিকজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰভাত ব্ৰহ্ম, জুবিৰাজ ব্ৰহ্ম, সুনীল মুমু আৰু মহেশ মুমুক কোকৰাঝাৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে এই ঘটনা সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি এই ঘটনাত তৃতীয় পক্ষ জড়িত থকা বুলি মন্তব্য কৰে। তেওঁ সকলোকে শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।