January 20, 2026 11:51 AM | Kokrajhar incident

printer

কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু চোৰৰ সন্দেহত ৫ জন লোকক গণপ্ৰহাৰ

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত কালি নিশা গৰু চোৰৰ সন্দেহত ৫ জন লোকক গণপ্ৰহাৰৰ ঘটনা সংঘটিত হয়। এই আক্রমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক গুৰুতৰভাবে আহত হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আওদাং অঞ্চলত পথ নিৰ্মাণৰ কামত জড়িত থকা শ্রমিককেইজন কোকৰাঝাৰলৈ এখন চাৰিচকীয়া বাহনেৰে উভতি যোৱাৰ সময়ত এই ঘটনা সংঘটিত হয়। গৌৰীনগৰৰ মাচিং ৰোড অঞ্চলত শ্রমিককেইজন গৈ থকা বাহনখন এটা স্থানীয় লোকৰ দলে আগচি ধৰি গৰু চোৰৰ সন্দেহত আক্রমণ কৰে। পাছত কোকৰাঝাৰ আৰক্ষীৰ দল ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আক্ৰমণত মৃত্যু হোৱা শ্রমিকজন চিকনা জৱহলাউ বিছমিত বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্রাপ্ত প্রভাত ব্রহ্ম, জুবিৰাজ ব্ৰহ্মা, সুনীল মুর্মু আৰু মহেশ মুমুক কোকৰাঝাৰ হাস্পতালত ভর্তি কৰোৱা হয়। ইয়াৰে প্ৰভাত ব্ৰহ্মাৰ অৱস্থা সংকটজনক বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে। কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে এই ঘটনাক গৰিহণা দি ইয়াৰ উচিত তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।