ডাউনলোড
মোবাইল এপ

android apple
signal

July 15, 2025 8:38 PM

printer

কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্রকল্প উদ্বোধন

তৃণমূল পৰ্যায়ৰ পৰা ক্ৰীড়াৰ অনুকুল পৰিৱেশ সৃষ্টিৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত ৰাজ্যৰ তৃতীয়টো উচ্চ মান সম্পন্ন ক্রীড়া প্রকল্প উদ্বোধন কৰে। ক্রীড়া সম্পৰ্কীয় বিভিন্ন দিশৰ প্ৰশিক্ষণ আৰু পুনৰ সংস্থাপনৰ বাবে এই কেন্দ্ৰটো মুকলি কৰা হৈছে। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগ, অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত কেন্দ্ৰটো স্থাপনৰ ক্ষেত্ৰত অলিম্পিক পদক বিজেতা অভিনৱ বিন্দ্ৰাই বিশেষ পদক্ষেপ লৈছে। ২৫ কোটি ৭০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটোত উন্নত ক্রীড়া প্ৰযুক্তি, তৃণমূল পৰ্যায়ৰ এথলীটৰ বিভিন্ন সা-সুবিধা আৰু তেওঁলোকৰ যোগ্যতা নিৰূপণৰ ব্যৱস্থা আছে। মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ৰাজ্য চৰকাৰে বিটিআৰৰ ক্ৰীড়া প্রতিভাক উদগণি যোগোৱাৰ বাবে কাৰ্যকৰী পদক্ষেপ লৈছে। কোকৰাঝাৰত অতুলনীয় ক্রীড়া প্রতিভা থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ উত্তৰণৰ বাবে যথোচিত ব্যৱস্থা লোৱা হ’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গালোচা উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।