June 9, 2025 7:54 PM | Pramod Boro

printer

কোকৰাঝাৰত হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন

বিটিআৰ প্ৰশাসনে আজি কোকৰাঝাৰ জিলাৰ শিলবাৰী খেলপথাৰত এখন হিতাধিকাৰী সন্মিলন তথা আর্থ সামাজিক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সম্পৰ্কত হিতাধিকাৰীসকলক সজাগ কৰাৰ লগতে তৃণমূল পৰ্যায়ৰ পৰা সমাজত এনে আঁচনিসমূহৰ প্ৰভাৱ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কেইবাগৰাকী কাৰ্যবাহী সদস্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সঞ্চালকৰ লগতে কেইবাগৰাকী শীর্ষ বিষয়াই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী বড়োৱে বি টি আৰ প্ৰশাসনে সৰ্বসাধাৰণ লোকৰ জীৱনৰ মান উন্নীত কৰাৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।