কৈলাশ মানসৰোবৰ যাত্ৰালৈ যাবলগীয়া তীর্থযাত্রীৰ প্রথমটো দল আজি ছিকিমৰ গেংটকত উপস্থিত হ’ব। ছিকিম চৰকাৰে তীৰ্থ যাত্ৰীসকলক আদৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰ পাঁচ বছৰৰ বিৰতিত অহা ২০ জুনত কৈলাশ মানসৰোবৰ যাত্ৰা আৰম্ভ হ’ব। আকাশবাণীৰ সৈতে হোৱা কথা-বতৰাত পর্যটন আৰু অসামৰিক বিমান পৰিবহন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছি এছ ৰাৱে প্ৰকাশ কৰা মতে চৰকাৰী বিষয়াকে ধৰি মুঠ ৩৫ গৰাকী যাত্ৰীৰ প্ৰথমটো দল আজি গেংটকত উপস্থিত হ’ব। ২০ জুনত ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং টামাঙে নাথুলাত পতাকা জোকাৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰতিটো তীর্থযাত্ৰীৰ দলে ১১ৰ পৰা ১২ দিনৰ ভিতৰত যাত্ৰা সম্পূৰ্ণ কৰিব। এইবাৰ মুঠ ১০টা দলে নাথুলা হৈ কৈলাশ মানসৰোবৰ যাত্ৰা কৰিব।
Site Admin | June 15, 2025 1:17 PM | kailash mansarovar yatra 2025
কৈলাশ মানসৰোবৰ যাত্ৰাৰ প্রথমটো তীর্থযাত্রী দল ছিকিমৰ গেংটকত উপস্থিত
