কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড০ এল মুৰুগানে কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বাতৰি কাকতখনৰ ক’ট্টায়াম সংস্কৰণে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। বাতৰি কাকতখনে ১৯১১ চনৰে পৰা মালায়ালম সাংবাদিকতালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ কথা সোঁৱৰে। তেওঁ কয়, যে বিগত কেইবাটাও দশকত এই বাতৰি কাকতখন কেৰালাৰ আগশাৰীৰ বাতৰি কাকত হিচাপে খ্যাতি লাভ কৰিছে আৰু কোনোধৰণৰ আপোচ নকৰাকৈ গণসংযোগৰ ক্ষেত্ৰখনত এই বাতৰি কাকতখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ড০ মুৰুগানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাংবাদিকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভতো আলোকপাত কৰে।
Site Admin | January 7, 2026 12:45 PM | Newspaper Silver Jubilee
কেৰালা কৌমুদী নিয়মীয়া বাতৰি কাকতৰ ক’ট্টায়াম সংস্কৰণৰ বছৰজোৰা ৰূপালী জয়ন্তী উদযাপন