■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱিঝিঞ্জামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রীয়ে, এই বন্দৰটোক দেশৰ সামুদ্রিক পথৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক স্থিৰতাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ লগতে কেৰালা তথা সমগ্ৰ দেশৰ উপকাৰ সাধন হ’ব বুলি মত প্ৰকাশ কৰি এই বন্দৰটোক তেওঁ নতুন যুগৰ উন্নয়নৰ উল্লেখনীয় আৰ্হি হিচাপে অভিহিত কৰে। বন্দৰটোৰ পৰিচালন ভৱন পৰিদৰ্শন কৰি নিয়ন্ত্ৰণ ব্যৱস্থাৰ বুজ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৱিঝিঞ্জাম বন্দৰৰ জৰিয়তে জাহাজ পৰিবহণৰ সামৰ্থ্য পৰৱৰ্তী সময়ত তিনিগুণ বৃদ্ধি পাব বুলিও উল্লেখ কৰে।
অনুষ্ঠানত ভাষণ দি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি ৱিজয়নে কয়, যে ৱিঝিঞ্জাম বন্দৰে তৃতীয় সহস্ৰাব্দৰ উন্নয়নৰ সম্ভাৱনাৰ এখন দুৱাৰ মুকলি কৰিলে। আজিৰ এই অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী, জৰ্জ কুৰিয়েনৰ লগতে ৰাজ্যখনৰ বহু কেইগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়কেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৱিঝিঞ্জাম বন্দৰটো ৰাজহুৱা-ব্যক্তিগতখণ্ডৰ সহযোগিতাৰে ৮ হেজাৰ ৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে।