কেৰালাৰ ৱায়নাডত ভূমিস্খলন প্রভাৱিত লোকসকলৰে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ ৱায়নাড জিলাৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু ভূমিস্খলন প্রভাৱিত লোকসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন কালত প্রধানমন্ত্ৰীয়ে ভূমিস্খলৰ ঘটনাত পিতৃ-মাতৃক হেৰুওৱা দুগৰাকী বিদ্যাৰ্থী আৰু আত্মীয়স্বজনক হেৰুওৱা ১০ গৰাকী লোকক সান্তনা দিয়ে। তেওঁ লগতে মেপ্পাডিৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰি একাংশ চিকিৎসাধী লোকৰ সৈতে কথা পাতে ইয়াৰ পূৰ্বে প্রধামন্ত্ৰীয়ে ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত চুৰমালা আৰু মুণ্ডক্কই এলেকা ভ্ৰমণ কৰে। তেওঁ চুৰমালাত সেনাই নিৰ্মাণ কৰা বেইলী দলঙো পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে চুৰমালা প্রায় ৫০ মিনিট সংয় অতিবাহিত কৰে আৰু সেনা বাহিনী, বিশেষ অভিযান গোট আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনীৰ কৰ্মাৰ সৈতে মত বিনিময় কৰে। ইয়াৰ আগেয়ে পুৱাৰ ভাৰত শ্ৰী মোদীয়ে বিমানেৰে পঞ্চিৰিৱটম, মুণ্ডক্কই আৰু আট্টামালাৰ ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীক কেৰালাৰ ৰাজ্যপাল আফি মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, পর্যটন, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্য মন্ত্ৰী সুৰেশ গোপীয়ে সংগ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।