ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬৫ লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ১৮৬ জন লোকক বিভিন্ন হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বোকাত পোত খাই থকা মৃতদেহ উদ্ধাৰ বাবে আৰক্ষীৰ স্নিফাৰ ড°গ নিয়োগ কৰা হৈছে। অঞ্চলটোত কেইবাটাও উদ্ধাৰকাৰী দল আৰু আঞ্চলিক সেনা বেটেলিয়ন নিয়োগ কৰা হৈছে। ইপিনে মালাপ্পুৰাম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰাজ্যখনত কালিৰ ভয়াৱহ ভূমিস্খলনত নদীৰ পানীয়ে এই মৃতদেহসমূহ উটুৱাই লৈ যায়। ভূমিস্খলনত প্ৰায় ২০০ জন লোক এতিয়াও সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেনা, নৌসেনা, বায়ুসেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী তথা অন্যান্য সংস্থাসমূহে যুটীয়াভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ৱায়নাডত স্থাপন কৰা ৪৫টা সাহায্য শিবিৰত ৩ হাজাৰতকৈও অধিক লোকক আশ্ৰয় প্ৰদান কৰা হৈছে। ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কেৰালাৰ মালাপ্পুৰাম, কোঝিক’ড়, ৱায়নাড, কুন্নুৰ আৰু কাচাৰগডত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় কৰ্তৃপক্ষ‍ই তিৰুৱানন্তপুৰম আৰু কুল্লামৰ বাহিৰে ১২ খন জিলাৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰিছে।