ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ মন্তব্য

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৱা নিশা কেৰালাৰ ক’জিকোড লোকসভা সমষ্টিৰ প্ৰাৰ্থী এম টি ৰমেশৰ সমৰ্থনত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। ৰোড শ্ব’ৰ অন্তত তেওঁ দলীয় কর্মীসকলক সম্বোধন কৰে। কেৰালাৰ ইউ ডি এউ আৰু এল ডি এফক একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি অভিহিত কৰি তেওঁ দুয়োটা দলেই দুৰ্নীতিৰ প্ৰতি আগ্ৰহী বুলি মন্তব্য কৰে। ৰাজ্যখনত দুর্নীতি চলি থকা বুলি অভিযোগ তুলি তেওঁ কয় যে, দুয়োটা মিত্রজোঁটে স্থানীয়ভাৱে এটাই আনটোৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’লেও ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ মিত্ৰতাই ভণ্ডামি আৰু আদৰ্শগত বিভ্ৰান্তিকে সূচায়। তেওঁ কয় যে, যোৱা ১০টা বছৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতী, মহিলা, কৃষক আৰু সা-সুবিধাৰ পৰা বঞ্চিত লোকসকলকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে কাম কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।