● কেৰালাত আয়োজন কৰা অ’নাম উৎসৱ উদযাপনৰ চৰকাৰী কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যখনৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আলেকাৰে আজি এই উদ্দেশ্যে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্রা পতাকা জোকাৰি উদ্বোধন কৰিব। আজি বিয়লি চাৰে চাৰি বজাত আৰম্ভ হ’বলগীয়া এই শোভাযাত্ৰাই উৎসৱৰ সামৰণিৰ পৰ্যায়ৰ সূচনা কৰিব।
আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজ্যখনৰ সহস্ৰাধিক শিল্পীয়ে অংশগ্রহণ কৰিবলগীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত কেৰালাৰ সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিব। তদুপৰি সেনাৰ ৰেণ্ডৰ লগতে ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুৰ শিল্পীৰ দলেও এই কাৰ্যসূচীত ভাগ ল’ব।