ডাউনলোড
মোবাইল এপ

android apple
signal

June 16, 2025 8:52 PM | Prasanta Phukan

printer

কেন্দ্ৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডিব্ৰুগড়ত বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ডিব্ৰুগড়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকনে অংশ লৈ চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। বৈঠকত মন্ত্ৰী বিমল বৰাইও ভাষণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। একেদৰে কাৰ্বি আংলং জিলা বিজেপিৰ কাৰ্যালয়তো কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰীয়া কাৰ্যকাল সম্পূর্ণ হোৱা উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত উপস্থিত থাকে। তেওঁ কয়, যে ২০২১ চনত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত দুখন জিলাৰ ৬টাকৈ উগ্ৰপন্থী সংগঠনক শান্তি চুক্তিৰ জৰিয়তে মূল সুঁতিলৈ ঘূৰাই অনাৰ লগতে জিলাখনত শান্তি স্থাপন হৈছে। অনাগত সময়ত প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত জিলাখনত অধিক উন্নয়ন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক