ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীৰ ৰেলৱে ব’ৰ্ডৰ ৱাৰ ৰূম পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ উৎসৱৰ বতৰত যাত্ৰীসকলৰ যাতায়তৰ সুবিধা-অসুবিধাৰ বুজ লয়। শ্রীবৈষ্ণৱে ২৪ ঘণ্টাই সেৱা আগবঢ়াবলৈ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উপৰি দীপাৱলী উপলক্ষে তেওঁলোকলৈ শুভেচ্ছাও জনায়।

উল্লেখযোগ্য যে, উৎসৱৰ বতৰত বৰ্দ্ধিত যাত্ৰীৰ সুচল যাতায়তৰ বাবে ভাৰতীয় ৰে’লৱেই এইবাৰো বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। পূজা, দীপাৱলী আৰু ছঠ পূজাৰ সময়ছোৱাত মসৃণ যাত্রা নিশ্চিত কৰিবলৈ ৰে’লৱেই ১২ হাজাৰৰো অধিক বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে।