কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি তথা পেঞ্চন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে ২০২৫ বৰ্ষটোক জীৱন ধাৰণ তথা কাম-কাজৰ সুচলতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি বর্ষান্তৰ সংবাদমেল এখনত মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন সেৱাত নিয়োজিত ব্যক্তিসকলে কর্মক্ষেত্ৰত লাভ কৰা সূচলতাই জীৱন-ধাৰণৰ সুচলতাৰ বাট মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নিয়োগ মেলা তথা কেন্দ্রীভূত ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পৰ্য্যবেক্ষণ ব্যবস্থাকে ধৰি বিভাগসমূহৰ বিভিন্ন উল্লেখনীয় সাফল্য আৰু পদক্ষেপত আলোকপাত কৰে।
এই অনুষ্ঠানত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সচিব ৰচনা শ্বাহে সদৰী কৰা অনুসৰি, ২০২৫ চনত আয়োজিত তিনিখন নিয়োগ মেলাত বিভিন্ন মন্ত্ৰ্যালয় তথা বিভাগে প্রায় ডেৰলাখ নিবনুৱাক নিয়োগ পত্র প্রদান কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেতু পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে এই সেতুৰ জৰিয়তে ১৩ হাজাৰ অযোগ্য বিবেচিত প্রার্থীৰ ভিতৰত ৪৭১ গৰাকীয়ে নিয়োগ পত্র লাভ কৰিছে।