ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 26, 2025 12:15 PM | Amit Shah

printer

কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীত থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড চমুকৈ বি বি এছ এছ এলৰ থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বৈঠকত শ্ৰীশ্বাহে কয় যে থলুৱা বীজৰ সংৰক্ষণ আৰু প্ৰসাৰৰ হকে বি বি এছ এছ এলে অবিৰতভাৱে কাম কৰি আছে। তেওঁ দেশৰ বিভিন্ন অঞ্চলৰ পৰা কেতবোৰ বছা বছা থলুৱা বীজৰ জৈৱিক উৎপাদন কৰি চলিত খাৰিফ বৰ্ষৰ পৰাই বজাৰত সেইসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰীশ্বাহে দেশৰ ভিন্ন প্ৰান্তৰ থলুৱা ফল-মূল, শাক-পাচলি আৰু খাদ্যশস্যৰ এটা সামগ্রিক তথ্যভাণ্ডাৰ প্ৰস্তুত কৰাৰ লগতে সেইসমূহৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ব্যাপক কার্যপৰিকল্পনা ৰূপায়ণ কৰাত গুৰুত্ব আৰোপ কৰে৷