কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা ৰাজ্যৰ ৫১২ গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ভোগালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাই কালি এই কথা প্ৰকাশ কৰে। ৰাজভৱনত কালি আয়োজন কৰা প্ৰাক ভোগালী উৎসৱত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে মত বিনিময় কৰি ৰাজ্যপালগৰাকীয়ে এই কথা প্রকাশ কৰে। ৰাজ্যৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ একাংশ সম্পাদক আৰু সাংবাদিকক আমন্ত্ৰণ কৰি অনুষ্ঠিত কৰা এই প্রাক ভোগালী উৎসৱত তেওঁ লগতে কয়, যে প্রশিক্ষণ গ্রহণ কৰিবলগীয়া ৫১২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৫০০ গৰাকীক অনলাইন ব্যৱস্থাৰে আৰু আন ১২ গৰাকীক অফলাইন ব্যৱস্থাৰে প্ৰশিক্ষণ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই শিক্ষার্থীসকলে যাতে লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত উত্তীৰ্ণ হ’ব পাৰে, তাৰ বাবে ৰাজভৱনৰ বিভিন্ন সুবিধা দিয়া হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
দিব্যাংগ ব্যক্তিসকলৰ লগতে কলা আৰু সাংস্কৃতিক কর্মী, সামাজিক কর্মী, সাহিত্যিক আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক উৎসাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি ৰাজ্যপাল আচার্যই লগতে কয়, যে এনে ব্যক্তিক সম্বর্ধনা আৰু বঁটা প্ৰদান কৰাৰো ব্যৱস্থা লোৱা হৈছে। পলাশবাৰীৰ এগৰাকী ৯৪ বছৰ বয়সীয়া কৃতি শিক্ষকক ৰাজভৱনলৈ আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা হৈছে বুলিও ৰাজ্যপালগৰাকীয়ে লগতে প্রকাশ কৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ পৰম্পৰাৰে অসমৰ ৰাইজে বিভিন্ন উৎসৱক আদৰ কৰাৰ দৰে প্ৰসংগত তেওঁ মাজুলীকে ধৰি ৰাজ্যবাসীৰ শলাগ লয়। ৰাইজৰ সন্মুখত গাব পৰাকৈ নিজে জাতীয় সংগীত শিকি থকা বুলিও ৰাজ্যপালগৰাকীয়ে লগতে প্ৰকাশ কৰে।
Site Admin | January 12, 2025 11:49 AM | Assam Governor announce UPSC exam training
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বিচৰা ৰাজ্যৰ ৫১২ গৰাকী শিক্ষাৰ্থীৰ বাবে ৰাজভৱনৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা
