কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এল পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা কৰে। তেওঁ লগতে নামৰূপ সাৰ কাৰখানাৰ চৌহদতে নিৰ্মাণ হ’বলগীয়া অসম ভেলী ফার্টিলাইজাব এণ্ড কেমিকেলছ কোম্পানী লিমিটেড চমুকৈ এ ভি এফ চি চি এল প্ৰকল্পৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ান লয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে পূব ভাৰতত সাৰৰ যোগান শৃংখলা প্ৰসাৰিত কৰা আৰু কৃষকসকলক উপকৃত কৰাৰ লক্ষ্যৰে ১০ হাজাৰ কোটি টকাৰো অধিক বিনিয়োগেৰে নামৰূপৰ চতুৰ্থটো সাব আৰু বাসায়নিক প্রকল্প নিৰ্মাণ কৰা হ’ব। এই নতুন ব্রাউণ্ডফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ উৎপাদন ক্ষমতা হ’ব প্ৰতি বছৰে ১২ লাখ ৫০ হাজাৰ মেট্রিকটন। ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাই এই প্ৰকল্পত অনুমোদন জনাইছে। এই অভিলাসি পদক্ষেপে কৃষি উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ঔদ্যোগীক আন্তঃগাঁথনি শক্তিশালী কৰি উত্তৰ-পূৰ্বাঞ্চলক দক্ষিণ-পূব এছিয়াৰ অন্যতম উৎপাদনশীল কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | November 24, 2025 9:50 AM | Sarbananda Sonowal at BVFC
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফার্টিলাইজাৰ কৰ্পৰেচন লিমিটেড পৰিদৰ্শন কৰি কোম্পানীটোৰ বিভিন্ন কামকাজৰ পর্যালোচনা