দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে আজি গোৱালপাৰা জিলাত উপস্থিত হৈ অভিলাষী জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাৰ বাপুজী নগৰত থকা আবু আল মজিদ নামৰ লোকজনৰ ছয়াবিনৰ পৰা উৎপাদিত দুগ্ধজাতীয় খাদ্য সামগ্রীসমূহ প্রত্যক্ষ কৰাৰ লগতে উন্নত জাতৰ ছাগলী আৰু কুকুৰাৰ পামো পৰিদৰ্শন কৰে। এনেধৰণৰ কাম-কাজে জিলাখনৰ উন্নয়নত অৰিহণা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ লগতে উত্তৰ পূবৰ উন্নয়নত বিশেষ গুৰুত্ব দিয়া বুলিও তেওঁ উল্লেখ কৰে।
Site Admin | January 19, 2026 6:38 PM | Akashvani | Akashvani News | Goalpara | jayanta choudhury
কেন্দ্ৰীয় মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে গোৱালপাৰা জিলাত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ বুজ লয়