ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰে’ল মন্ত্ৰালয়ৰ মুঠ ১৮,৬৫৮ কোটি টকাৰ ৪ টা প্ৰকল্পত অনুমোদন জনাইছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত এখন সংবাদ মেলক উদ্দেশ্যি কয় যে এই প্রকল্পসমূহে মহাৰাষ্ট্ৰ, ওড়িশা আৰু ছত্তিশগড়ৰ ১৫খন জিলাক সামৰি ল’ব আৰু ভাৰতীয় ৰে’লৰ ১,২৪৭ কিলোমিটাৰ পৰিধিক সামৰি এক বৃহৎ নেটৱৰ্কৰ সৃষ্টি কৰিব। তেওঁ জনায় যে এই প্রকল্পসমূহে সম্বলপুৰ-জাৰপাড়াৰ তৃতীয় আৰু চতুর্থ লাইন, ঝাচুগুড়া- ছেচনৰ তৃতীয় আৰু চতুৰ্থ লাইন, খাৰ্ছিয়া-নয়া ৰায়পুৰ-পাৰমলকাছাৰ পঞ্চম তথা ষষ্ঠ লাইন আৰু গণ্ডিয়া-বলহাৰছাহৰ দ্বৈত লাইনক সামৰি লৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাসমূহে যাতায়ত সূচল কৰি তোলাৰ লগতে কেচাঁমাল পৰিবহনৰ ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস কৰিব। লগতে তেলৰ আমদানিৰ পৰিমাণ কমোৱাৰ লগতে কাৰ্ব-ডাই-অক্সাইড নির্গমনৰ পৰিমাণো কম কৰি তুলিব। শ্রীবৈষ্ণৱে জনায় যে এই প্রকল্পসমূহে দেশত প্ৰায় ৩৭৯ লাখ নিয়োগৰ সুবিধা প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে জনায় যে মন্ত্রীসভাই লগতে কেন্দ্ৰৰ দ্বাৰা ১০০ শতাংশ অনুমোদনৰ জৰিয়তে ৬,৮৩৯ কোটি টকা ভাইব্রেন্ট ভিলেজ প্ৰগ্ৰেম দ্বিতীয়ৰ বাবে ব্যয় কৰাৰ ব্যৱস্থা কৰিছে।