কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল অর্থনৈতিক আৰু বাণিজ্য অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে আজি ছুইজাৰলেণ্ড আৰু ছুইডেনলৈ ৰাওনা হৈছে। তেওঁ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধি কৰাৰ বাবে ছুইজাৰলেণ্ডৰ গোলকীয় মুখ্য কাৰ্যবাহী বিষয়া আৰু উদ্যোগ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চুইডেনত ভাৰত -ছুইডিছ অর্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সহযোগিতাৰ যৌথ আয়োগৰ একবিংশ সংস্কৰণত সহ অধ্যক্ষতা কৰিব। শ্রীগোৱেলৰ এই ভ্রমণে মুখ্য ইউৰোপীয় দেশসমূহৰ সৈতে কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব সুগভীৰ কৰা তথা বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।