কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰনেৰে চাৰিলেনলৈ উন্নীতৰ বাবে অনুমোদন জনাইছে

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ ৬,৯৫৭ কোটি টকা ব্যয়ৰে এই ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ পাৰ্বত্য অঞ্চললৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণীসমূহে যাতে মুক্ত আৰু বাধাহীনভাৱে আহ-যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ অধীনত প্ৰায় ৩৪.৫ কিলোমিটাৰৰ এটা এলিভেটেড কৰ্ডিৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ ফলত ৰাজধানী মহানগৰ গুৱাহাটী, পৰ্যটনস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ঔদ্যোগিক চহৰ নুমলীগড়ৰ মাজত প্ৰত্যক্ষ যোগাযোগ উন্নীত কৰাৰ উপৰি যাতায়াতৰ সময় হ্ৰাস পাব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্রীসভাক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এই প্রকল্পক এটা মুখ্য আন্তঃগাঁথনি প্রকল্প বুলি উল্লেখ কৰি কয়, যে এই প্রকল্পই অসমৰ যোগাযোগ ব্যৱস্থাক এটা নতুন গতি প্ৰদানৰ লগতে মানুহ আৰু জীৱকুলৰ সহাৱস্থানৰ এটা নতুন দিশো মুকলি কৰিব।