কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উৰুগুৱে ভ্ৰমণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি ভাৰতক প্ৰতিনিধিত্ব কৰি উৰুগুৱেৰ ৰাষ্ট্ৰপতি য়ামাণ্ডু অৰ্চি আৰু উপ-ৰাষ্ট্ৰপতি কেৰলিনা ক’ছেৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শ্রীমাৰ্ঘেৰিটাই কয়, যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা উৰুগুৱেৰ নতুন চৰকাৰখলনৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভৱিষ্যতে দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিবলৈ উৰুগুৱেৰ নতুন চৰকাৰখনৰ সৈতে সহযোগিতা কাম কৰিবলৈ আগ্ৰহী বুলিও মন্ত্ৰী মাৰ্ঘেৰিটাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই উৰুগুৱেত থকা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্রদ্ধা জ্ঞাপন কৰাৰ লগতে তাত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ উদ্যোগ, শক্তি আৰু খনি মন্ত্ৰী ফাৰ্ণাণ্ডা কাৰডোনাকো সাক্ষাৎ কৰে । তেওঁ কয়, যে এই সাক্ষাতৰ সময়ত দুয়োগৰাকী মন্ত্ৰীয়ে পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত আলোচনাত মিলিত হয়। চৰকাৰী ভ্ৰমণসূচীৰে শ্ৰীমাৰ্ঘেৰিটাই যোৱা ২৮ ফেব্ৰুৱাৰীত উৰুগুৱেত উপস্থিত হৈছিল। অহা ৮ মাৰ্চলৈ চৰকাৰী ভ্ৰমণসূচীৰে মন্ত্ৰীগৰাকীয়ে বাহমাছ, বার্বাডোছ আৰু নিকাৰাগুৱাতো উপস্থিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।