ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে কৰা মৰণোত্তৰ পৰীক্ষা আৰু ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত বিশেষজ্ঞ চিকিৎসকৰ দলে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিব। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই কালি গুৱাহাটীত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। কালি এছ আই টিয়ে চিকিৎসা মহাবিদ্যালয়খনলৈ প্ৰেৰণ কৰা প্ৰতিবেদন জি এম চি এইচৰ এখন বিশেষজ্ঞ সমিতিয়ে পুংখানুপুংখভাৱে পৰীক্ষা কৰিব বুলিও শ্রীগুপ্তাই কয়। চূড়ান্ত প্রতিবেদনৰ প্ৰতিলিপি আদালতৰ উপৰি জুবিন গাৰ্গৰ পৰিয়ালক অৰ্পণ কৰা হ’ব বুলি তেওঁ কয়। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল যদিও মৃত্যুৰ ঘটনাক লৈ সন্দেহ ঘণীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু ভিছেৰা নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল।

শ্রীগুপ্তাই কয় যে, ছিংগাপুৰত যিহেতু অসম আৰক্ষীয়ে গৈ ঘটনাটোৰ তদন্ত কৰিব নোৱাৰে সেয়েহে কেন্দ্রীয় চৰকাৰে দেশখনৰ সৈতে থকা পাৰস্পৰিক আইনী সহযোগিতা চুক্তি অনুসৰি এই গোচৰৰ তদন্তৰ ক্ষেত্ৰত সহায়ৰ বাবে ছিংগাপুৰ প্ৰশাসনক ইতিপূর্বে অৱগত কৰোৱা হৈছে। তেওঁ কয় যে, গৃহ মন্ত্রালয়ে ছিংগাপুৰৰ এটর্ণী জেনেৰেলক এই বিষয়ে সম্পূর্ণ ৰূপে অৱগত কৰোৱাৰ পাছত ছিংগাপুৰ চৰকাৰে এই ক্ষেত্রত বিহিত ব্যবস্থাও গ্রহণ কৰিছে। ছিংগাপুৰত থকা ভাৰতীয় উচ্চ আয়োগৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ কয়। তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা ১১জন প্রবাসী অসমীয়ালৈ আৰক্ষীয়ে ইতিমধ্যে চমন জাৰি কৰিছে আৰু ইয়াৰে ৰূপকমল কলিতা নামৰ লোকজন অসমত উপস্থিত হৈ আৰক্ষীক ভাষ্য দিছে বুলি শ্রীগুপ্তাই উল্লেখ কৰে। আৰক্ষীয়ে চমন জাৰি কৰাৰ পাছতো তেওঁলোক অসমত উপস্থিত নহ’লে আইনী ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি শ্রীগুপ্তাই প্রকাশ কৰে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীয়ে কৰণাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে কোনো ব্যক্তিৰ অস্বাভাবিক কাৰণত মৃত্যু হ’লে নাইবা হত্যাৰ সন্দেহ হ’লে ছিংগাপুৰত এই গোচৰ ৰুজু কৰা হয়।

অসম চৰকাৰে জনতাৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ বাবে সকলো ব্যবস্থা গ্ৰহণ কৰাৰ লগতে আৰক্ষীয়েও দ্রুতগতিত তদন্ত প্রক্রিয়া অব্যাহত ৰাখিছে বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে প্রকাশ কৰিছে। দোষীক দৃষ্টান্তমূলক শাস্তি বিহা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কালি তেজপুৰত সাংবাদিকৰ আগত প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।