ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 3, 2024 8:43 PM | Paddy

printer

কেন্দ্ৰীয় চৰকাৰৰ ৩০ নৱেম্বৰলৈ চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত

চৰকাৰে কৈছে যে, পাইকাৰী বজাৰলৈ ৯০ লাখ টনৰো অধিক ধান আহিছে। ইয়াৰ ভিতৰত পাঞ্জাবত ৮৫ লাখ টনৰো অধিক ধান ৰাজ্যিক সংস্থাসমূহে আৰু ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিছে। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে এ গ্রেড ধানৰ বাবে ধাৰ্য্য কৰা প্ৰতিকুইণ্টলত ২,৩২০ টকা মূল্যত এই ধান ক্ৰয় কৰা হৈছে। চৰকাৰে বৰ্তমানলৈকে এইবাৰৰ খাৰিফ বিপনন বৰ্ষত ১৯,৮০০ কোটি টকাৰ ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা ৪ লাখ খেতিয়ক উপকৃত হৈছে। পাঞ্জাবত ২০২৪-২৫ খাৰিফ বিপনন বৰ্ষৰ বাবে পহিলা অক্টোবৰত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খেতিয়কৰ পৰা নিয়াৰিকৈ ধান ক্ৰয়ৰ উদ্দেশ্যে ৰাজ্যখনত ২,৯০০ মনোনীত পাইকাৰী বজাৰ আৰু অস্থায়ী বিপননথলী মুকলি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৩০ নৱেম্বৰলৈ অব্যাহত থাকিবলগীয়া চলিত বিপনন সত্ৰ ১৮৫ লাখ টন ধান ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।