ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি বঙাইগাঁৱত যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ সুস্থ নাৰী শক্তিশালী পৰিয়াল আঁচনিৰ সৈতে সংগতি ৰাখি আজি বঙাইগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে যক্ষ্মা ৰোগীসকলক পুষ্টিকৰ খাদ্যৰ টোপোলা দিয়া হয়। প্ৰতিটো বিধানসভা সমষ্টিৰ এশজন যক্ষ্মা ৰোগীক, নিক্ষয়মিত্ৰই এই খাদ্যৰ টোপোলা বিতৰণ কৰে। বঙাইগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত এই খাদ্যৰ টোপোলা প্ৰদান অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠক উপস্থিত থাকে। অনুষ্ঠানটি প্রয়াত মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয়।

তিনিচুকীয়া জিলাতো আজি সেৱা সপ্তাহৰ অংশ হিচাপে ১৩টা স্থানত নিক্ষয় শিবিৰ অনুষ্ঠিত হয়। যক্ষ্মা ৰোগ নির্মূল নাই হ্ৰাস কৰাৰ লক্ষ্যৰে আজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত এই শিবিৰ মুকলি কৰা হয়। এই শিবিৰত নিক্ষয় টোপোলা বিতৰণ কৰা হয়। ৰোগীৰ বাবে সহায় হোৱাকৈ এই টোপোলা চাউল, খোৱা তেল আৰু অন্যান্য পুষ্টিকৰ খাদ্য দিয়া হয়। সেৱা সপ্তাহৰ অংশ হিচাপে জিলাখনত ২৪ ছেপ্তেম্বৰৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিত স্বাস্থ্য মেলা অনুষ্ঠিত হ’ব। গোৱালপাৰা জিলাতো আজি চাৰিওটা বিধানসভা সমষ্টিত মুঠ ৪৩০ গৰাকী ৰোগীক নিক্ষয় টোপোলা বিতৰণ কৰা হয়। ইপিনে দৰং জিলাত সেৱা সপ্তাহৰ অংশ হিচাপে কাইলৈৰ পৰা হ’বলগীয়া এই স্বাস্থ্য মেলা জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।