কেন্দ্ৰীয় চৰকাৰে সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাইত প্রথম আছিয়ান ইণ্ডিয়া জল পৰিবহন বাৰ্তালাপৰ উদ্বোধন কৰি এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে আছিয়ান দেশসমূহক নৌপথেৰে সংলগ্ন কৰি দেশৰ ৫ হাজাৰ কিলোমিটাৰ নৌপথক বাণিজ্যিকভাৱে কাৰ্যক্ষম কৰি তোলা হ’ব। তেওঁ কয়, যে ২০১৩-১৪ বৰ্ষত দেশত উচ্চ গতিসম্পন্ন জাহাজৰ সঞ্চালন ১০২ টা পথৰ পৰা বৰ্তমান ১৪ হাজাৰ ২৭২ লৈ বৃদ্ধি পাইছে। যোৱা ১১ টা বছৰত চৰকাৰে নৌ পৰিবহন খণ্ডৰ উন্নয়নৰ বাবে নীতিগত, আইনগত আৰু কৰ ব্যৱস্থাৰ সংশোধনী আৰু আন্তঃগাথনি উন্নয়নৰ জৰিয়তে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। গতিসম্পন্ন আৰু বিলাসী জাহাজৰ অধিক প্রচলন ভাৰতৰ দক্ষিণ পূৱ এছিয়াৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ়ি তুলিছে। তেওঁ কয়, যে প্রাচীন কালত তামিলনাড়ুকে ধৰি দেশৰ বিভিন্ন স্থানত থকা ১৬ টা সাগৰীয় বন্দৰৰ জৰিয়তে ভাৰতবৰ্ষৰ চীন, মিছৰ, ইউৰোপৰ একাংশ আৰু দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষা কৰিছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ আৰু ২০৪৫ চনৰ ভিতৰত আছিয়ান কমিউনিটি দৃশ্যপটৰ লক্ষ্যই ভাৰতক আছিয়ান দেশসমূহৰ সৈতে সংযুক্ত কৰাই নহয়, এই দেশকেইখনৰ জনসাধাৰণৰ সৈতেও সম্পৰ্ক মধুৰ কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
Site Admin | June 30, 2025 8:09 PM | Akashvani News | Cruise Dialogue 2025 | Sarbanada sonowal
কেন্দ্ৰীয় চৰকাৰৰ সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ
