উমৈহতীয়া পেঞ্চন আঁচনিয়ে সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এতিয়া অৱসৰ আৰু মৰনোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ কৰিব। এন ডি এ চৰকাৰৰ এঘাৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত ভাষণ দি কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে এইদৰে কয়। তেওঁ লগতে কয় যে এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অৱসৰৰ সুবিধাসমূহৰ ক্ষেত্ৰত সমতা স্থাপন কৰিব। এই নতুন ব্যৱস্থাই ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে চৰকাৰৰ দায়বদ্ধতা প্রতিফলিত কৰিব। কেন্দ্ৰীয় চৰকাৰে বিগত ১০ বছৰত চৰকাৰী চাকৰিৰ খালী পদ পূৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা এঘাৰ বছৰত হোৱা প্ৰশাসনিক সংস্কাৰসমূহ কেৱল শাসন ব্যৱস্থাতেই সীমাবদ্ধ নাথাকি ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ আছিল বুলিও মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ কয়, যে প্ৰযুক্তিৰ সহায়ত সহজভাৱে জীৱন যাপন কৰাৰ বাবে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
Site Admin | June 18, 2025 7:58 PM | Pension Scheme
কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীৰ অৱসৰ আৰু মৰণোত্তৰ গ্ৰেছুইটি সা-সুবিধা লাভ