কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন ভিন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত হৈছে। হোজাই জিলাতো বিভিন্ন বেংকৰ শাখা প্ৰৱন্ধকসকলৰ সহযোগত আজি নাজিৰ আজমল মেমৰিয়েল কলেজ অব এডুকেশ্যনৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত নিক্রিয় হৈ থকা একাউণ্টৰ ধন আত্মীয় বা উত্তৰাধিকাৰীক কে ৱাই চি দাখিল কৰি বিভাগীয় নিয়ম অনুসৰি তুলি লোৱাৰ বাবে বেংকৰ বিষয়াসকলে আহ্বান জনায়। উল্লেখযোগ্য যে হোজাইৰ বেংকত গ্ৰাহকৰ ১০ কোটিতকৈও অধিক টকা এতিয়াও জমা হৈ আছে। এই টকাসমূহ উপযুক্ত গ্ৰাহকক ওভতাই দিয়াৰ বাবে এই সজাগতা সভাৰ অনুষ্ঠিত হয়। সভাত লগতে মৃত্যু হোৱা ব্যক্তিৰ নামৰ একাউণ্টত থকা ধনকে ধৰি বিভিন্ন শিতানত জমা হৈ থকা পুৰণি বেংক একাউণ্টৰ সম্পত্তিৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়। জমা হৈ থকা টকা গ্রাহকে কিদৰে সংগ্ৰহ কৰিব পাৰিব সেই বিষয়ত সভাত পৰামৰ্শ আগবঢ়োৱা হয়।
Site Admin | December 6, 2025 6:12 PM | Akashvani | Akashvani News | Local news
কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ অধীনত সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন অঞ্চলত ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ সৌজন্যত সজাগতা সভা অনুষ্ঠিত