● কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ – পি এফ আৰ ডি এ-য়ে শেহতীয়াকৈ এই আঁচনিৰ কাৰ্য্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ তিনিটা গোটৰ সৈতে সম্পর্কিত নীতি-নির্দেশনাসমূহ প্ৰকাশ কৰিছে। ইয়াৰে প্ৰথম শ্ৰেণীত ২০২৫ চনৰ ১ এপ্ৰিললৈকে সেৱাত জড়িত থকা আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰে সামৰি লোৱা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয়টো শ্ৰেণীত আজি বা ইয়াৰ পাছত সেৱাত যোগদান কৰিবলগীয়া নতুনকৈ নিযুক্তিপ্রাপ্তসকলক অন্তৰ্ভুক্ত কৰা হৈছে। তৃতীয় শ্ৰেণীত কালি অৰ্থাৎ ৩১ মার্চ বা তাৰ আগেয়ে অৱসৰ গ্ৰহণ কৰা আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰে সামৰি লোৱা কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে প্রায় ২৩ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এই পেঞ্চন আঁচনিৰ দ্বাৰা উপকৃত হ’ব।
Site Admin | April 1, 2025 11:48 AM | Akashvani News
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া পেন্সন আঁচনি আজিৰেপৰা কাৰ্যকৰী
