কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি কৈছে যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টো স্বীকৃতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰকে ধৰি আৰাৱলী খণ্ডত বিশেষকৈ অতি স্পৰ্শকাতৰ অঞ্চলত কোনো নতুন খননৰ অনুমতি দিয়া নহ’ব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আৰাৱলীৰ পুনৰ সংৰক্ষণ তথা সেউজ পৰিবেশৰ ৰক্ষনা-বেক্ষন তথা ইয়াৰ সংৰক্ষণৰ বাবে এই প্রকল্প হাতত লোৱা হৈছে। তেওঁ কয় যে বিজ্ঞানসন্মত ব্যৱস্থাপনা পৰিকল্পনাৰ জৰিয়তে ইয়াৰ সংৰক্ষণ কৰা হ’ব।

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু আন নেতাসকলক নেচনেল হেৰাল্ড গোচৰ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা আবেদনৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। এই গোচৰটোৰ সন্দৰ্ভত দাখিল কৰা অভিযোগনামা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত বিধি বলবৎকাৰী সঞ্চালকালয়ে বিচাৰ আদালতৰ নিৰ্দেশক প্রত্যাহ্বান জনাইছে। ন্যায়াধীশ ৰবীন্দ্ৰ দুদেজাই কংগ্ৰেছৰ নেতাজনৰ বিপক্ষে জাননী জাৰি কৰাৰ লগতে ১৬ ডিচেম্বৰত দিয়া নিৰ্দেশ স্থগিত ৰাখিবলৈ বিধি বলবৎকাৰী সংস্থাই জনোৱা আবেদন গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ পৰৱৰ্তী শুনানি অহা বছৰৰ মাৰ্চ মাহৰ ২১ তাৰিখে গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখযোগ্য যে ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বাহিৰে উচ্চ ন্যায়ালয়ে চুমন ডুবেই, চেম প্রিত্রোদা, য়ং ইণ্ডিয়ান, দ’টেক্স মার্চেণ্ডাইজ প্রাইভেট লিমিটেড আৰু সুনিল ভাণ্ডাৰীৰ নামো এই অভিযোগত সাঙুৰ খাইছে। বিধি বলবৎকাৰী সংস্থাই অভিযুক্তকেইজনৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু ক’লা ধনৰ লেনদেনৰ অভিযোগ দাখিল কৰিছে। উল্লেখযোগ্য যে অভিযোগনামাত উল্লেখ থকা মতে, নেচনেল হেৰাল্ড নামৰ বাতৰি কাকতখন প্ৰকাশ কৰি উলিওৱা তেওঁলোকৰ মালিকীস্বত্তধাৰী এছোছিয়েটেড জার্নালছ লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে প্ৰায় দুহেজাৰ কোটি টকাৰ সম্পত্তি অবৈধভাৱে ক্ৰয় কৰিছে।